গছপেল বাৰ্তা
– অনুগ্ৰহ কৰি তলত দিয়া সমূহ পঢ়ক:
জন ১:১ | আদিতে ভগৱানে স্বৰ্গ আৰু পৃথিৱী স্ৰজন কৰিছিল। |
ৰ’ম ৩:২৩ | সকলো পাপপূৰ্ণ আছিল আৰু ভগৱানৰ গুণানুকীৰ্ত্তন নহৈছিল। |
জন ৮:৩৪ | যীচুৱে তেওঁলোকক উত্তৰ দিছিল, “অতি নিশ্চিতভাৱে মই তোমালোকক কওঁ, যিয়ে পাপ কৰ্ম কৰে তেওঁ পাপৰ দাস হয়। |
ভগৱানে আমাক স্ৰজন কৰিলে, কিন্তু আমি তেওঁক নাজানো আৰু আমাৰ পাপপূৰ্ণ আচৰণৰ কাৰণে তেওঁক আমাৰ পৰা নিলগাই ৰাখোঁ। ভগৱানৰ অবিহনে আমাৰ জীৱনৰ কোনো অৰ্থ নাই আৰু উদ্দেশ্যও নাই। পাপৰ পৰিণাম (দিবলগীয়া মূল্য) হ’ল মৃত্যু, আধ্যাত্মিক আৰু দৈহিক দুয়োভাৱে। আধ্যাত্মিক মৃত্যুৰ অৰ্থ হ’ল ভগৱানৰ পৰা পৃথক হোৱা। দৈহিক মৃত্যু হ’ল শৰীৰৰ অৱক্ষয়। আমাৰ পাপৰ লগত যদি আমি মৃত্যু হওঁ আমি বাহ্যিকভাৱে ভগৱানৰ পৰা পৃথক হ’ম আৰু নৰকত বিলীন হ’ম। কেনেকৈ আমি নিজকে পাপৰ পৰা মুক্ত কৰিব পাৰোঁ আৰু ভগৱানৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰোঁ? আমি নিজকে মুক্ত কৰিব নোৱাৰোঁ কাৰণ পাপী এজনে নিজকে মুক্ত কৰাটো সম্ভৱ নহয় (যেনেকৈ ডুবি যোৱা ব্যক্তি এজনে নিজকে ৰক্ষা কৰিব নোৱাৰে)। কোনেও আমাক মুক্ত কৰিব নোৱাৰে কাৰণ আমি সকলো পাপত নিমজ্জিত (এজন ডুব যোৱা ব্যক্তিয়ে অন্য এজন ডুব যোৱা ব্যক্তিক ৰক্ষা কৰিব নোৱাৰে, দুয়োজনকে সহায়ৰ আৱশ্যক)। আমাৰ পাপৰ পৰা মুক্ত কৰিবলৈ আমাক এনে এজনৰ প্ৰয়োজন যি পাপমুক্ত (ডুবিত নহয়)। কেৱল পাপমুক্ত এজনেহে আমাক মুক্ত কৰিব পাৰে। পাপপূৰ্ণ বিশ্বত কেনেকৈ এজন পাপমুক্ত ব্যক্তিক বিচাৰি উলিয়াম য’ত সকলোৱে পাপত নিমজ্জিত?
ৰ’ম ৬:২৩ | পাপৰ মূল্য হ’ল মৃত্যু, কিন্তু ভগৱানে দান কৰা শ্বাশ্বত জীৱনটো আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ হাতত। |
জন ৩:১৬ | ভগৱানৰ যিসকল সন্তানে তেওঁৰ মৃত্যু নহয় বুলি কিন্তু শ্বাশ্বত জীৱন থকা বুলি বিশ্বাস কৰিছিল তেওঁলোকক তেওঁ অতি ভালপোৱা এই পৃথিৱীখন দিছিল। |
মাট ১:২৩ | “সেইবোৰ নিৰীক্ষণ কৰি, পৱিত্ৰ মেৰীৰ এটা সন্তান হ’ব, আৰু এটা সন্তান বহন কৰিব আৰু তেওঁলোকে তেওঁৰ নাম ইমানুৱেল বুলি মাতিব”, যাক অনুবাদ কৰিছিল এনেদৰে, “ভগৱান আমাৰ মাজত আছে।” |
জন ৮:২৩ | আৰু তেওঁ তেওঁলোকক কৈছিল, “তোমালোক মৰ্ত্যৰ পৰা আহিছা; মই আহিছোঁ স্বৰ্গৰ পৰা। তোমালোক এই ধৰাৰ; মই এই ধৰাৰ নহয়।” |
মাৰ্ক ১:১১ | তেতিয়া এটা বাণী আকাশৰ পৰা ভাঁহি আহিছিল, “তোমালোক মোৰ অতি মৰমৰ সন্তান, যাক লৈ মই অতি আনন্দিত।” |
জন ৮:৩৬ | সেইকাৰণে সন্তানসকলে যদি তোমাক মুক্ত কৰি দিয়ে, প্ৰকৃতাৰ্থত তুমি মুক্ত হ’বা। |
জন ৩:৩ | যীচুৱে উত্তৰ দিছিল আৰু তেওঁক কৈছিল, “অতি নিশ্চিতভাৱে মই তোমাক ক’ব পাৰোঁ, যদিও এজনে পুনৰ্জীৱন লাভ কৰে, তেওঁ ভগৱানৰ ৰাজ্য দৰ্শন কৰিব নোৱাৰে।” |
জন ১:১২ | কিন্তু যিমানসংখ্যকে তেওঁক গ্ৰহণ কৰে, তেওঁৰ নামত বিশ্বাস ৰাখে তেওঁলোকক ভগৱানৰ সন্তান হ’বলৈ অধিকাৰ দিয়ে। |
যিয়ে আমাক স্ৰজন কৰিছিল আৰু অতি ভাল পায়, মুক্তিৰ পথ দিছিল, তেৱেঁই হ’ল ভগৱান। আমাৰ প্ৰতি থকা অসীম ভালপোৱাৰ উপৰিও তেওঁ আমাৰ পাপ মোচনৰ অৰ্থে তেওঁৰ নিজ পুত্ৰ যীচুক প্ৰেৰণ কৰিছিল। যীচু পাপমুক্ত আছিল কাৰণ তেওঁ এই ধৰাৰ নহয় আৰু যেতিয়া ধৰালৈ আহিল, তেতিয়া চয়তানসকলৰ পাপৰ প্ৰলোভনক অতিক্ৰম কৰিছিল। তেওঁৰ জীৱনে স্বৰ্গত হৰ্ষিত কৰিছিল। যীচুৱে আমাৰ পাপবিলাক মোচন কৰিছিল আৰু আমাৰ পাপৰ কাৰণে ক্ৰুচবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল। তেওঁ আমাৰ জীৱন ত্ৰাণ কৰোঁতা (যীচুৱে আমাক ৰক্ষা কৰিবলৈ সক্ষম কাৰণ তেওঁ ডুৱ যোৱা নাছিল)। যীচু ক্ৰুচবিদ্ধ হৈ মৃত্যুবৰণ কৰাৰ উদ্দেশ্য হ’ল আমাৰ পাপৰ মূল্য দিয়া আৰু সেইকাৰণে আমাৰ পাপ মোচন হয় আৰু ভগৱানৰ সৈতে সম্পৰ্ক পুনঃস্থাপিত হয়। ভগৱানৰ শক্তিৰ জৰিয়তে আমি আধ্যাত্মিক মৃত্যুৰ পৰা পুনৰ জী উঠো (ভগৱানৰ পৰা পৃথক)। এই নতুন সম্পৰ্কটোক কোৱা হয় পুনঃজন্ম লাভ। ই আমাৰ সৃষ্টিকৰণ আৰু জীয়াই থকাৰ উদ্দেশ্যত আমাক পুনঃস্থাপিত কৰে আৰু আমাক জীয়াই থকাৰ প্ৰকৃত অৰ্থ আৰু উদ্দেশ্যৰ জ্ঞান দিয়ে।
জন ১১:২৫ | যীচুৱে তেওঁক কৈছে, “ মই পুনৰ্জীৱন লাভ কৰিছোঁ। যিজনে মোত বিশ্বাস ৰাখে, তেওঁৰ মৃত্যু হ’লেও জীয়াই থাকিব। |
ৰ’ম ৬:৯ | সেই কথা জানি বেছি সময় মৃত্যু হৈ নাথাকি যীচুৱে মৃত্যুৰ পৰা উঠি আহিছে। মৃত্যুৱে তেওঁৰ ওপৰত বেছি সময় প্ৰভুত্ব দেখুৱাব নোৱাৰিলে। |
এক্ট ২:২৪ | মৃত্যুৰ যন্ত্ৰনা শিথিল কৰি কাৰ কাৰণে ভগৱান উঠি আহিল, কাৰণটো হ’ল তাৰ দ্বাৰা তেওঁক বেছি সময় আবদ্ধ কৰি ৰখাটো সম্ভৱ নাছিল। |
ৰ’ম ১৪:৯ | শেহত যীচুৰ মৃত্যু হৈও পুনঃ জী উঠিছিল, কাৰণ তেওঁ মৃত্যু আৰু জীৱিত দুয়ো কালৰে প্ৰভু। |
এক্ট ১:১১ | যিজনে আৰু কৈছিল, “গালিলিৰ মানুহ, আকাশলৈ কিয় থৰ লাগি চাই আছা? এয়া একেজন যীচু, যিজনে তোমাক স্বৰ্গলৈ লৈ আহিছিল, তুমি তেওঁক যেনেকুৱা আচৰণত দেখিছিলা স্বৰ্গতো তেনেকুৱাই পাবা।” |
আমাৰ পাপৰ কাৰণে যীচুৰ জীৱন বলিদানৰ কি প্ৰমাণ ভগৱানে স্বৰ্গত মানি লৈছিল? প্ৰমাণটো হ’ল মৃত্যুৰ পাছত ভগৱানৰ দ্বাৰা যীচুৰ পুনৰ্জীৱন লাভ। পুনৰ্জীৱন লাভৰ দ্বাৰা এইটো প্ৰমাণ হ’ল যে যীচুৱে মৃত্যুক জিনিলে (অথবা, অন্য শব্দত তেওঁৰ ওপৰত মৃত্যুৰ কোনো শক্তি নাই)। সেইকাৰণে, এতিয়াও যীচু জীয়াই আছে, আমিও সেইদৰে জী আছোঁ। তেওঁৰ জীৱনে আমাক জীৱন দিছে। কাৰণ তেওঁ পুনৰ্জীৱন লাভ কৰিছিল, তেওঁ আজিও জীয়াই আছে।
জন ৫:২৪ | অতি নিশ্চিতভাৱে মই তোমাক কওঁ, যিজনে মোৰ বাণী শ্ৰৱণ কৰে আৰু তেওঁত বিশ্বাস ৰাখে, যি ন্যায়ৰ আওতালৈ নাহে আৰু জীৱনত মৃত্যুক জিনিছে তেওঁ এটা শ্বাশ্বত জীৱনৰ অধিকাৰী হ’বলৈ মোক প্ৰেৰণ কৰিছিল। |
জন ১০:৯ | মইয়েই দ্বাৰ। যদি কোনোবাই মোৰ যোগেদি প্ৰৱেশ কৰে তেওঁ ৰক্ষা পৰিব, ভিতৰলৈ যাব আৰু ওলাই আহিব পাৰিব আৰু এখন ক্ষেত্ৰ বিচাৰিব পাৰিব। |
জন ১৪:৬ | যীচুৱে তেওঁক কৈছিল, “মইয়েই পথ, সত্য, আৰু জীৱন। মোৰ অবিহনে কোনেও সৃষ্টিকৰ্তাৰ ওচৰলৈ আহিব নোৱাৰে। |
জন ৮:২৪ | সেইকাৰণে মই তোমালোকক কওঁ যে যদি মোকেই তেওঁ বুলি বিশ্বাস নকৰা, তেতিয়া তোমালোকৰ পাপত তোমালোকৰ মৃত্যু হ’ব।” |
এক্ট ৪:১২ | আমাৰ পাপৰ পৰা উদ্ধাৰ পাবলৈ, স্বৰ্গত মানুহৰ মাজত অন্য কোনো নাম নাই যাৰ দ্বাৰা আমি ত্ৰাণ পাব পাৰোঁ। |
ৰ’ম ১০:১৩ | “যিজনে প্ৰভুৰ নাম লয় তেওঁ ৰক্ষা পায়।” |
ৰ’ম ১০:১১ | সেইকাৰণে ধৰ্মশাস্ত্ৰই কৈছে, “যি তেওঁত বিশ্বাস ৰাখে তেওঁ অপমানিত নহয়।” |
ৰ’ম ২:১১ | ভগৱানৰ লগত কোনো পক্ষপাতিত্ব নাই। |
ৰ’ম ৩:২২ | ভগৱানৰ ন্যায়পৰায়ণতা যীচু খ্ৰীষ্টত বিশ্বাসৰ যোগেদি তেওঁত বিশ্বাস কৰা সকলোৱে পাব পাৰে। তাত কোনো বিভেদতা নাই; |
ৰ’ম ১০:৯ | তুমি যদি নিজ মুখেৰে প্ৰভু যীচুৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু ভগৱান মৃত্যুৰ পৰা উঠি আহে বুলি তোমাৰ হৃদয়ত বিশ্বাস ৰাখা তেতিয়া তুমি ৰক্ষা পাবা। |
কেনেকৈ আমাৰ পাপ মোচন হ’ব আৰু নতুন জীৱন লাভ কৰিব পাৰিম? আমাৰ ভগৱান আৰু ত্ৰাণকৰ্তা হিচাপে যীচুক বিশ্বাস কৰি। যদি আমাৰ পাপপূৰ্ণ পথৰ কাৰণে অনুতপ্ত হওঁ আৰু আমাক ক্ষমা আৰু ৰক্ষা কৰিবলৈ যীচুক প্ৰাথৰ্না জনাওঁ, তেতিয়া তেওঁ আমাৰ প্ৰাৰ্থনা শুনে। যীচু ভগৱানৰ সন্তান যিয়ে আমাৰ পাপ মোচন কৰিবৰ কাৰণে এই ধৰালৈ আহিছিল। এই ধৰাত যিসকলে তেওঁৰ ওপৰত বিশ্বাস ৰাখে তেওঁলোকে ভগৱানৰ কৰুণা লাভ কৰে, তেওঁলোক পাপৰ পৰা (আৰু নৰক) মুক্ত হয় আৰু ভগৱানৰ পৰা ন জীৱন লাভ কৰে। ভগৱানে কেতিয়াও পক্ষপাতিত্ব নকৰে। আমি বাস কৰা দেশ, আমি কোৱা ভাষা, ধনী অথবা দুখীয়া, পুৰুষ অথবা মহিলা, ডেকা অথবা বুঢ়া, অথবা অন্য যিকোনো শাৰীৰিক বিভেদ অনুযায়ী তেওঁ প্ৰভাৱিত নহয়। যীচুত বিশ্বাস কৰা আৰু পাপ স্বীকাৰ কৰি তেওঁত শৰণ লোৱা প্ৰত্যেকেই ত্ৰাণ পাব। যদি তুমি যীচুৰ অনুগামী হ’ব বিচৰা তেনেহ’লে নিম্নলিখিত প্ৰাৰ্থনাটো কৰিব পাৰা:
ভগৱান স্বৰ্গত আছে, মোৰ পাপ মোচন কৰিবলৈ তোমাৰ একমাত্ৰ সন্তান যীচুক প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ, যাৰ দ্বাৰা মই ত্ৰাণ পাব পাৰোঁ আৰু স্বৰ্গৰ পৰা ন জীৱন লাভ কৰিব পাৰোঁ। মোৰ পথৰ বাবে অনুতপ্ত হৈছোঁ আৰু মোৰ পাপৰ বাবে ক্ষমা বিচাৰিছোঁ। মই যীচুক বিশ্বাস কৰোঁ আৰু যীচুক মোৰ প্ৰভু ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰোঁ। তুমি দান কৰা ন জীৱনটো আনন্দপূৰ্ণভাৱে যাপন কৰিবলৈ মোক সহায় কৰা আৰু দিক্দৰ্শন কৰা। আমেন
তুমি যদি ওপৰত দিয়া প্ৰাৰ্থনাটো জপ কৰা তেনেহ’লে তুমি যাবৰ বাবে তোমাক এটা গীৰ্জা দেখুৱাবলৈ ভগৱানক প্ৰাৰ্থনা কৰা। প্ৰাৰ্থনাৰে ভগৱানৰ সৈতে নিয়মীয়াকৈ কথা পাতা আৰু ভগৱানেও তোমাৰ সৈতে কথা পাতিব। ভগৱানৰ বাণী শ্ৰৱণ কৰা। ভগৱানে তোমাক দিক্দৰ্শন কৰিব। তেওঁ তোমাক প্ৰেম দিব আৰু তোমাৰ তদাৰক কৰিব। তুমি তেওঁত বিশ্বাস ৰাখিব পাৰা। যিসকলে তেওঁত বিশ্বাস ৰাখে তেওঁলোক কেতিয়াও বিফল নহয়। ভগৱান হ’ল মঙ্গলময় ভগৱান। তেওঁ বিশ্বাসী। তোমাৰ জীৱনৰ কাৰণে তুমি তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব পাৰা। তেওঁৰ আগতে তোমাৰ প্ৰয়োজনীয়খিনি লোৱা। তেওঁ তোমাৰ তদাৰক আৰু মঙ্গল কৰিব। ভগৱানে কৈছিল, ‘মই তোমাক কেতিয়াও এৰি নিদিওঁ আৰু ত্যাগো নকৰোঁ।’ ভগৱানত বিশ্বাস ৰাখা। যীচুৰ জৰিয়তে তোমাৰ মঙ্গল হওক।
জনৰ কিতাপখনৰ পৰা আৰম্ভ কৰি নিয়মীয়াকৈ বাইবেল পঢ়ক। ইণ্টানেটৰ পৰা অধিক জানিবৰ বাবে, ইয়াত ক্লিক কৰক।